8:20 AM (2 minutes ago)
|
8:20 AM (2 minutes ago)
| ![]() ![]() | |||
আই
ন মাহ গৰ্ভত ৰাখি
তই মোক জনম দিলি
দুখৰ যন্ত্ৰনা সহি
আই তই মোক হহুৱাইছিলি ।
নুবুজা মোৰ ওঠৰ ভাষা
তই বাৰুকৈয়ে বুজিছিলি
দুৰৈত থকা পিতাইৰ মৰম
আই তয়ে মোক দিছিলি ।
উচুপি উঠা দোভাগ ৰাতি
বুকুৰ মাজত সাৱতি
আই তয়ে গাইছিলি
শিয়ালি এ নাহিবি ৰাতি
তোৰে কাণে কাতি লগামে বাতি ।
ক্ষন্তেকিয়া খং দেখুৱাই
বোপাই খাই আহ্ বুলি
আই তয়ে মোক
নিজ হাতে খুৱাইছিলি ।
পাৰিম জানো সুধিব
তোৰ এই মৰম ?
ভগৱানৰো আগত আই
তয়ে হবি পুজনীয় ।।
ন মাহ গৰ্ভত ৰাখি
তই মোক জনম দিলি
দুখৰ যন্ত্ৰনা সহি
আই তই মোক হহুৱাইছিলি ।
নুবুজা মোৰ ওঠৰ ভাষা
তই বাৰুকৈয়ে বুজিছিলি
দুৰৈত থকা পিতাইৰ মৰম
আই তয়ে মোক দিছিলি ।
উচুপি উঠা দোভাগ ৰাতি
বুকুৰ মাজত সাৱতি
আই তয়ে গাইছিলি
শিয়ালি এ নাহিবি ৰাতি
তোৰে কাণে কাতি লগামে বাতি ।
ক্ষন্তেকিয়া খং দেখুৱাই
বোপাই খাই আহ্ বুলি
আই তয়ে মোক
নিজ হাতে খুৱাইছিলি ।
পাৰিম জানো সুধিব
তোৰ এই মৰম ?
ভগৱানৰো আগত আই
তয়ে হবি পুজনীয় ।।


Comments
Post a Comment