অসমৰ বানপানী


 #অসমৰ_বানপানী 




#Flood_in_Assam


 সঁচাকৈয়ে সেইসকল লোকৰ দুৰৱস্থা দেখি দুখত বুকুখন ফাটি যোৱা যেন লাগিছে। কিয়নো, তেওঁলোকৰ বাবে মই একো কৰিব পৰা নাই ।

আলোকচিত্ৰ বোৰ দেখি দেখি চকুৱে সহ্য কৰিব পৰানাই, তেওঁলোকৰ দৃশ্যবোৰৰ দেখি এনে লাগিছে যে'ন সকলোকে মই আমাৰ ঘৰত আশ্ৰয় দিম। কিন্তু, মোৰ দ্বাৰাই টো সম্ভৱ নহয় সেইটো কথা ভাৱি চকুলো নিগৰে । মই ভাবোঁ যদি মই বহুত ধনী হলো হয় তেওঁলোকৰ বাবে সামান্যতমো সহায় আগবঢ়াব পাৰিলোঁ হয় ।😞

কিন্তু, যিসকলৰ যথেষ্ট পৰিমাণে দিব পৰা ক্ষমতা আছে তাৰে ৫% ই হে আগবাঢ়ি গৈছে । (সহায়ৰ বাবে আগবাঢ়ি অহাসকলক আন্তৰিক ধন্যবাদ) যথেষ্ঠ পৰিমানে থকাসকলে যদি ৯০% ও আগবাঢ়ি গ'ল হেতেঁন নিশ্চয় বহু লোকে সকাহ পালে হেতেঁন ।

প্ৰকৃতিৰ এই তান্দৱ লীলাক আমি ৰোধিব নোৱাৰোঁ কিন্তু, আমি কিছুপৰিমাণে হ'লেও সহায়ৰ হাত আগবঢ়াব পাৰোঁ নহয় নে বাৰু??

 কেন্দ্ৰীয় চৰকাৰে নূন্যতম পৰিমানে কৰা সহায়ে জানো বানাক্ৰান্ত সকলৰ সমস্যা দূৰ কৰিব পাৰিব??

আমি আৰামত খাব শুব পাইছো কিন্তু তেওঁলোকে এটুপি পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে। অন্ন ,বস্ত্ৰ আৰু  বাসস্থানৰ অভাৱত বহু লোকে প্ৰাণ হেৰুৱাৰ লগীয়া হৈছে । বহুতো পশুধনৰ ক্ষতি সাধন হৈছে আনকি বনাঞ্চলৰ বহু মূল্যবান পশু- পক্ষীয়ে খাদ্য আৰু থকা ঠাইৰ অভাৱত মত্যুক সাবতি ল'ব লগীয়া হৈছে । কিমান যন্ত্ৰণা দায়ক বৰ্তমান অসমৰ অৱস্থা । 😔

বহিঃৰাজ্য বোৰত কিবা সমস্যাই দেখা দিলে সকলোৱে উঠি পৰি লাগে বা সহায় কৰে কিন্তু, অসমৰ ক্ষেত্ৰত কিয় ইমান  অসহানুভূতিশীল ক'ব নোৱাৰোঁ । বেছিভাগেই অসমক অবহেলিত কৰা দেখা পোৱা যায় লগতে কেন্দ্ৰীয় চৰকাৰেও কিঞ্চিত মান সহায় কৰি দায়িত্ব সামৰে । 

যেতিয়ালৈকে অসমৰ "বানপানী"  সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষিত নকৰে তেতিয়ালৈকে অসমৰ ৰাইজে বছৰে বছৰে এই নৰক যন্ত্ৰণা ভুগি থাকিব লাগিব ‌।


 আহক আমি সকলোৱে দাবী জনাওঁ যে, অসমৰ "বানপানী" সমস্যাটোক " ৰাষ্ট্ৰীয় সমস্যা" হিচাপে অন্তৰ্ভুক্ত কৰক।


শেষত, বানে বিধ্বস্ত কৰা সকলো বানাক্ৰান্তলৈ প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকক ভগৱানে সোনকালে উদ্ধাৰ কৰক। মোৰ ফালৰ পৰা সমবেদনা জ্ঞাপন কৰিলোঁ ।।😔😔


Kiran kumar gorh






Comments

Post a Comment

Popular posts from this blog

Kiran Kumar gorh